Nothing found
Thank you! Your submission has been received!
Oops! Something went wrong while submitting the form.

সন্মতি বুলিলে কি বুজাই?

সন্মতি হৈছে আমি আমাৰ দৈনন্দিন জীৱনত অনুশীলন কৰিব পৰা এক প্ৰক্ৰিয়া। ই হৈছে দুজন মানুহৰ মাজত পৰস্পৰ বুজাবুজিৰ জড়িয়তে হোৱা এক চুক্তি। যেনেঃ আমি কোনো এজন নতুন বন্ধুক সুধিব পাৰো যে তেওঁ মোৰ সৈতে আলিংগন কৰিবলৈ সহজ অনুভৱ কৰিবনে বা আমি যে গ্ৰীণ্ডাৰত চিনাকি হৈ বাস্তৱত লগ হৈছোঁ আৰু আমি পৰস্পৰৰ প্ৰতি যৌন আকাংক্ষা ৰাখিছোঁ সেই কথা দ্বিতীয় এজন লোকক কোৱাত কিবা আপত্তি থাকিব পাৰে নেকি ইত্যাদি।

যেতিয়া সন্মতি শব্দটো যৌন সম্পৰ্কৰ আওতাত আহে তেতিয়া আমি এই ধাৰণাটো এনেকৈ বুজিব পাৰোঁ যে সকলোৱে নিজে বিচৰা ধৰণে সেই সকলোবোৰ পাই যি সমূহ এজন ব্যক্তিয়ে তেওঁৰ কোনো ক্ষতি নোহোৱাকৈ বিচাৰে। সন্মতি সকলোধৰণৰ খোলোচা যোগাযোগ ব্যৱস্থাৰ সৈতে জড়িত আৰু ই দুই ধৰণৰ: সন্মতি প্ৰাপ্তি আৰু সন্মতি প্ৰদান।

সন্মতি লাভ কৰা বুলিলে এইটো নিশ্চিত হোৱাটো বুজায় যে আপোনাৰ সংগীয়ে আপোনাৰ সৈতে সহজ অনুভৱ কৰিব পাৰিছেনে নাই, আপোনাক বিশ্বাসত ল'ব পৰিছেনে নাই বা, আপোনালোকে এই সম্পৰ্কটো উপভোগ কৰিব পৰিছেনে নাই ইত্যাদি। এই সম্পৰ্কে নিশ্চিত হ'বলৈ বহু উপায় থাকে, ইয়াৰ ভিতৰত কিছুমান অনুমতি বিচাৰি কৰা প্ৰশ্ন (যেনেঃ "মই তোমাৰ চোলাটো খুলিব পাৰোঁনে...") বা কিছুমান আগ্ৰহ ব্যক্ত কৰিব পাৰি (যেনেঃ মই তোমাক চুমা এটা খাওঁ, বেয়া পাবা?)। সন্মতি প্ৰদান আৰু গ্ৰহণ প্ৰক্ৰিয়াটোৱে এইটো নিশ্চিত কৰে যে আপোনালোক পৰস্পৰে পৰস্পৰক বুজি উঠিছে আৰু উভয়ৰ ব্যক্তিগত মতামতক সন্মান কৰিছে।

আপুনি যে আপোনাৰ সংগীৰ সৈতে প্ৰকৃতাৰ্থত উপভোগ কৰিছে সেই সম্পৰ্কে আপোনাৰ সংগীৰ সমুখত কিছুমান শব্দ উচ্চাৰণ কৰি মৌখিক ভাৱে বা মুখৰ অভিব্যক্তি প্ৰকাশ কৰি জনোৱাকে সহমত প্ৰদান কৰা বুজায়।

এটা মনত ৰখা গুৰুত্বপূর্ণ যে সম্মতি সর্বদা বিপৰীতমুখী। আপুনি কেতিয়াবা গ্ৰীণ্ডাৰত কাৰোবাক কিবা এনেধৰণে কৈছিল নেকি আৰু ব্যক্তিগতভাবে দেখা কৰাৰ সময়ত আপুনি অন্যধৰণে অনুভৱ কৰিছে? আপুনি কোন সময়ত কি কৰিব বিচাৰে সেই সম্পর্কে আপুনি আপনাৰ মন পৰিৱর্তন কৰিব পাৰে, ই আপোনাৰ ব্যক্তিগত স্বাধীনতা। আপুনি গ্ৰীণ্ডাৰত কোনো ব্যক্তিক যিকোনো সম্পৰ্কৰ বাদে সন্মতি দিয়াৰ অর্থ কেৱল এইটো নহয় যে আপুনি যেতিয়া লগ হ'ব তেতিয়া আপুনি সেই কাম কৰিবলৈ বাধ্য। দিনৰ শেষত, আপুনি তথা আপোনাৰ সংগীয়ে একেলগে যিয়েই নকৰক কিয় সেই সম্পৰ্কে দুয়োয়ে শ্রদ্ধা আৰু স্বাচ্ছন্দ্য বোধ কৰা দৰকাৰ।

সন্মতি বা সহমত সম্পৰ্কে অধিক জানিবলৈ এই ভিডিঅ'টো চাব পাৰে। Teen Vogueৰ এই তালিকাখনত কিছুমান উদাহৰণ উল্লেখ কৰা হৈছে।

Recently viewed articles

Related articles