Nothing found
Thank you! Your submission has been received!
Oops! Something went wrong while submitting the form.

Poppers' বোৰ কি?

আমি সাধাৰণতে আমাৰ ৱেবচাইটৰ ব্যৱহাৰকৰি সকলৰ পৰা প্ৰায়ে কমিউনিটিৰে জড়িত বিভিন্ন শব্দ আৰু ধাৰণাৰ বিষয়ে জানিবলৈ কৰা প্ৰশ্নৰ সন্মুখীন হওঁ। তেনে এটি বিশেষ শব্দ হ'ল- 'poppers', ই হ'ল এক বিশেষ ৰাসায়নিক দ্ৰব্য, যৌন কাৰ্য কৰি থকাৰ সময়ত ইয়াক প্ৰায়ে ব্যৱহাৰ কৰা দেখা যায় আৰু সাধাৰণ ভাষাত ইয়াক alkyl nitrites বুলি কোৱা হয়। এই দ্ৰব্যবিধ সৰু সৰু বটলত ভৰাই জুলীয়া পদাৰ্থ হিচাপে বিক্ৰী কৰা হয়। এবাৰ বটল খুলিলে এই জুলীয়া পদাৰ্থবিধ গেছলৈ ৰূপান্তৰ হয়।

এই গেছ বিধে তেজৰ শিৰা সমূহ মুকলি কৰি দিয়ে আৰু তেজৰ চাপ হ্ৰাস কৰি কলিজাৰ ধপধপনি বৃদ্ধি কৰে। ইয়াৰ ফলত নিজকে পাতল পাতল অনুভৱ হয় আৰু শৰীৰৰ উষ্ণতা অতি শীঘ্ৰে বৃদ্ধি হয়। এই প্ৰভাৱ মাত্ৰ কেইছেকেণ্ড মানলৈ বা কেইমিনিট মানলৈকে হে থাকে। কোনো কোনো লোকৰ ক্ষেত্ৰত popperৰে মূৰৰবিষ আৰু সাধাৰণ আচন্দ্ৰাই কৰিব পাৰে।

বহু দেশত popperৰ ব্যৱহাৰ অবৈধ নহয় কিন্তু ই দেহৰ বাবে ক্ষতিকাৰক হ'ব পাৰে যদিহে ইয়াৰ ব্যৱহাৰ অবৈজ্ঞানীক প্ৰক্ৰিয়াৰে হয়, যেনেকৈ সুৰাৰ ব্যৱহাৰৰ ক্ষেত্ৰত হোৱা ক্ষতি সমূহ। বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ বিভিন্ন ধৰণৰ হ'ব পাৰে বা একেজন ব্যক্তিৰ ক্ষেত্ৰটো সময় ভেদে ইয়াৰ প্ৰভাৱ ভিন্ন হ'ব পাৰে। San Francisco এইডছ ফাউণ্ডেচনে দিয়া উপদেশ অনুসৰি আগতে popper ব্যৱহাৰৰ নকৰা লোকে প্ৰথম ব্যৱহাৰৰ সময়ত কম পৰিমাণে ব্যৱহাৰ কৰিব লাগে আৰু লাহে লাহে ইয়াৰ ব্যৱহাৰৰ সময়ত ইয়াক শুঙাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি।

কাৰণ popperৰে আপোনাৰ তেজৰ চাপবৃদ্ধি কৰিবও পাৰে অন্য কোনো সামগ্ৰীৰ উপৰিও ডাক্তৰৰ দ্বাৰা নিৰ্দেশিত ঔষধৰ সৈতে একে একে সময়তে ব্যৱহাৰ কৰিলেও ই সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনি যদি ইৰেক্টাইল ডিচফাংচনৰ বাবে ব্যৱহাৰ কৰা ঔষধ সৈতে একেসময়তে popper ব্যৱহাৰ কৰে তেন্তে ই আপোনাৰ ৰক্তচাপক বিপজ্জনক মাত্রালৈ লৈ যাব পাৰে। অন্যান্য অবৈধ ঔষধ যেনেঃ এক্সট্যাচি, স্পিড, মেথ, আদি যদি poppersৰ সৈতে ব্যৱহাৰ কৰে তেন্তে ই আপোনাৰ হৃদয়ৰ ওপৰত অতিৰিক্ত চাপ প্ৰদান কৰিব পাৰে। আকৌ কিবা কাৰণত এই পদাৰ্থ বিধ জুলীয়া অৱস্থাত আপোনাৰ মুখ বা নাকত লাগিলে ই ৰাসায়নিক পদাৰ্থই কৰা জ্বলা পোৰাৰ দৰে অনুভৱ কৰিব পাৰে।

Popperৰে আপোনাৰ যৌন সক্ষমতাক লাহে লাহে নিম্নগামী কৰিও তুলিব পাৰে। আপুনি আপোনাৰ সংগীৰ সৈতে আলোচনাৰ জড়িয়তে নিশ্চিত হওঁক যে আপোনালোকে popperৰ লগতে অন্যান্য কি কি সুৰক্ষিত যৌন সম্পৰ্কৰ বিভিন্ন ব্যৱস্থা সমূহ গ্ৰহণ কৰিব ইয়াৰ লগতে এইচ আই ভি আৰু এচ টি আইৰ শেহতীয়া অৱস্থিতি আৰু কণ্ডমৰ ব্যৱহাৰ সম্পৰ্কেও আলোচনা কৰক। আমি আপোনাক অনুগ্ৰহ কৰো যে আপুনি আপোনাৰ স্বাস্থ্য ৰক্ষা কৰ্মীৰ সৈতে যিকোনো প্ৰশ্ন আলোচনা কৰক যি সমূহে আপোনাক সুৰক্ষা প্ৰদান কৰিব পাৰে।

Popper সম্পৰ্কীয় অন্যান্য বহু তথ্য ইয়াত পাব।

Recently viewed articles

Related articles