Nothing found
Thank you! Your submission has been received!
Oops! Something went wrong while submitting the form.

মই যৌন ৰোগৰ(STI) পৰীক্ষা কৰি যদি গম পালোঁ যে মই এই ৰোগত আক্ৰান্ত, সেই সম্পৰ্কে মই মোৰ অভিভাৱকক কেনেকৈ অৱগত কৰাম?

যৌন ৰোগ পৰীক্ষা কৰি ইয়াৰ ফলাফল ধনাত্মক পোৱাটো এটা আৱেগ জড়িত কথা। এই সময়ত আপুনি দৈহিক আৰু মানসিক উভয় দিশতে নিজৰ যত্ন লোৱাটো বৰ গুৰুত্বপূৰ্ণ।

নিজৰ যত্ন লোৱাৰ এটা উপায় হৈছে এই যে, আপুনি আপোনাৰ এই পৰিস্থিতিৰ বিষয়ে সেই সকল লোকৰ সৈতে আলোচনা কৰক যিয়ে আপোনাক যিকোনো পৰিস্থিতিতে সহায় বা সাহস দিয়ে।আপোনাৰ জীৱনৰ বিশ্বাসযোগ্য লোক সকলে আপোনাক এই ক্ষেত্ৰত অকলশৰীয়া নহ'বলৈ কিছু সহায় কৰিব।

আপুনি যৌন ৰোগৰ দ্বাৰা আক্ৰান্ত বুলি পৰীক্ষণৰ দ্বাৰা নিশ্চিত হোৱাৰ পিছত আপুনি নিজৰ যত্ন লোৱাৰ লগতে আপুনি আপোনাৰ শেহতীয়া যৌন সংগী জনকো আপোনাৰ ৰোগৰ বিষয়ে জনোৱা দৰকাৰ, কাৰণ যিহেতু তেওঁ আপোনাৰ সৈতে যৌন সম্পৰ্ক কৰিছে, গতিকে তেৱোঁ এই ৰোগৰ সম্পৰ্কলৈ আহিব পাৰে সেয়ে তেওঁ নিজৰো যৌন ৰোগৰ পৰীক্ষা কৰি লোৱাটো বৰ গুৰুত্বপূৰ্ণ যাতে তেওঁ অতি সোনকালেই প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।

তোমাৰ পূৰ্বৰ সংগী জনক পোনে পোনে তেওঁ STIৰ পৰীক্ষণ কৰিব লাগে বুলি কৈ দিব পৰাৰ এনেকুৱা একো পথ নাই, তুমি পোনে পোনে তোমাৰ পূৰ্বৰ সংগী জনক ফোন কৰি নহলে মেচেজ কৰিব পাৰা গ্ৰীণ্ডাৰত মেছেজ কৰি নতুবা লগ কৰি পোনপটীয়াকৈ কৈ দিব পাৰা! কেতিয়াবা তুমি তোমাৰ পূৰ্বৰ সংগীক তোমাৰ গুপ্তৰোগৰ কথা কোৱাটো অশোভনীয় বা লজ্জাজনক হ'ব পাৰে আৰু তুমি অসুৰক্ষিত যেন অনুভৱ কৰিব পাৰা, গতিকে তুমি তোমাৰ স্থানীয় স্বাস্থ্য কেন্দ্ৰত বা Tell Your Partner.org (কেৱল U.Sত)ৰ partner notification service ব্যৱহাৰ কৰিব পাৰা। যিয়ে নহওক তুমি তোমাৰ সংগীক জনাবা নে নাই সেয়া সম্পূৰ্ণ তোমাৰ ওপৰত কথা।

Recently viewed articles

Related articles