Nothing found
Thank you! Your submission has been received!
Oops! Something went wrong while submitting the form.

মই ঘৰত এটা HIV পৰীক্ষা কৰিব পাৰো নেকি ?

যদি আপুনি যৌনভাৱে সক্ৰিয় তেন্তে নিয়মিত এইচ আইভি পৰীক্ষাই হল একমাত্র আপোনাৰ যৌন স্বাস্থ্য সম্পৰ্কে জনাৰ উপায় । তথাপি সদায় ক্লিনিকলৈ যোৱাটো সহজ নহয় অথবা আপুনি এইচ আই ভি পৰীক্ষাৰ সময়ত আপেনাৰ গোপনীয়তা আৰু সুৰক্ষাক লৈ চিন্তিত হব পাৰে।

কিছু ঠাইত নিজৰ ঘৰতে এইচ আই ভি পৰীক্ষাৰ আহিলা আহৰন কৰাটো সম্ভৱ হৈছে । নিজে কৰা পৰীক্ষাবোৰ আপুনি ক্লিনিকত কৰা পৰীক্ষাৰ সমান পৰিপক্ক নহবও পাৰে , কিন্তু নিজে পৰীক্ষা কৰাটো পৰীক্ষা নকৰাতকৈ বহুগুণে ভাল। কোনো কাৰনত যদি আপুনি এজন ভাল স্বাস্থ্য জনহিতকৰ সৈতে এইচ আই ভি পৰীক্ষা কৰিবলৈ সক্ষম নহয় তেন্তে এইটো তাৰ আটাইতকৈ ভাল বিকল্প উপায় ।

বহুক্ষেত্রত ঘৰত কৰা এইচ আই ভি পৰীক্ষা সমূহত এইচ আই ভি ধৰা পেলাবলৈ ২৩ৰ পৰা ৯০ দিন সময়ৰ প্ৰয়োজন হয়। এই সময়ত যদি HIV টেষ্টটো নিগেটিভ ওলাই তেন্তে ইমান খিনি দিনত এইচ আই ভি পজিটিভলৈ পৰিণত হোৱাৰ সম্ভাৱনা থাকে আৰু এইখিনি সময়ত আপোনাৰ টেষ্টটোৰ সম্পৰ্কে জানিবলৈ বা টেষ্ট কৰাটো পুনৰ প্রয়োজন হৈ পৰে। পৰীক্ষাত ব্যৱহাৰ হোৱা সামগ্রীবোৰে আপোনাৰ এইচ আই ভি এন্টিবডিবোৰ ধৰা পৰাৰ সময় সাপেক্ষে জনাব। যদি আপুনি অনুভৱ কৰে যে আপুনি অন্তত ৭২ ঘন্টাৰ ভিতৰত এইচ আই ভিৰ সন্মুখিন হৈছে তেন্তে এজন স্বাস্থ্য বিশেষজ্ঞৰ লগত এইটো বিষয়ত আলোচনা কৰক।

ভৰত থাকি এইচ আই ভি পৰীক্ষা কৰোৱাৰ সাধাৰণতে দুটা পদ্ধতি আছে। প্ৰথমটো অনুসৰি আপুনি এটি বটলত আপোনাৰ লেলাউটিৰ আৰ্হি সংগ্ৰহ কৰিব লাগে ঘৰতে ইয়াৰ পৰীক্ষণ ফলাফল নিৰ্ধাৰণ কৰিব পাৰে। দ্বিতীয় পদ্ধতি অনুসৰি দেহৰ পৰা ঘৰতে তেজৰ নমুনা সংগ্ৰহ কৰা হয় আৰু ইয়াক গৱেষণাগাৰলৈ পৰীক্ষণৰ বাবে পঠিয়াই দিয়া হয়। সুস্থ অনলাইন সমূদায় গঠনৰ জড়িয়তে এই পৰীক্ষা সম্পৰ্কীয় অধিক তথ্য ইয়াত পাব পাৰিব।

যদি আপোনাৰ ঘৰুৱা পৰীক্ষাৰ ফলাফলে কয় যে আপুনি এইচআইভি পজিটিভ, তেন্তে অতি শীঘ্ৰেই কোনো স্বাস্থ্যসেৱা জনহিতকৰৰ ওচৰত গৈ আপোনাৰ এইচ আই ভি পৰীক্ষা কৰাওক। তেওঁ আপোনাৰ ঘৰুৱা পৰীক্ষাৰ ফলাফলক নিশ্চিত কৰিবলৈ এটি অধিক সংবেদনশীল পৰীক্ষা সম্পন্ন কৰিব। কেতিয়াবা কেতিয়াবা ঘৰুৱা এইচআইভি পৰীক্ষাৰ এটি মিছা ইতিবাচক ফলাফল ওলাব পাৰে সেয়ে স্বাস্থ্যসেৱা জনহিতকৰৰ ওচৰত এবাৰ পৰীক্ষা কৰাই লোৱাটো ভাল। যদি ইয়াতো আপোনাৰ পৰীক্ষাৰ ফলাফল ধনাত্মক হয় তেতিয়া আপোনাৰ চিকিৎসকে আপোনাক চিকিৎসা আৰম্ভ কৰা আৰু অন্যান্য প্ৰয়োজনীয় পৰিষেৱা সমূহৰে সংযুক্ত হোৱাত সহায়তা কৰিব পাৰিব। আপুনি যদি ঘৰত পোৱা ফলাফল নেতিবাচক হয়, তেতিয়াও আপোনাৰ স্বাস্থ্যৰ প্ৰকৃত অৱস্থিতি সম্পৰ্কে নিশ্চিত হ'বলৈ নিয়মিয়া এইচআইভি পৰীক্ষা প্ৰতিষ্ঠানলৈ যাবলৈ নাপাহৰিব। আপুনি PrEP আৰম্ভ কৰাৰ উপৰি এইচ আই ভিৰ চিকিৎসা বা বড়ি আদি সেৱন ইত্যাদি সম্পৰ্কেও চিকিৎসকৰে পৰা জানি লোৱাটো গুৰুত্বপূৰ্ণ।

বৰ্তমান ঘৰুৱা পৰীক্ষণ সঁজুলি সমূহ ইউৰোপ, U.S আদি দেশত অতি সহজে উপলব্ধ। আপোনাৰ বাবে কোনবোৰ সামগ্ৰী প্ৰয়োজন হ'ব সেই বিষয়ে ইয়াত অনুসন্ধান কৰক। ঘৰুৱা পৰীক্ষণ প্ৰক্ৰিয়া আপোনাৰ বাবে সম্পূৰ্ণ উপযুক্ত নহয়, গতিকে ওচৰত থকা এইচ আই ভি পৰীক্ষণ সেৱা প্ৰতিষ্ঠান সমূহৰ সন্ধান কৰক।

Recently viewed articles

Related articles