Nothing found
Thank you! Your submission has been received!
Oops! Something went wrong while submitting the form.

মই ভাবো যে মোৰ STI আছে, গতিকে এই বিষয়টো মই কেনে ধৰণে গ্ৰহণ কৰা উচিত?

STI হ'ল সাধাৰণ যৌন সংক্রমণ ৰোগ আৰু ই সাধাৰণতে যৌন-সক্রিয় মানুহৰ জীৱনক এবাৰ হ'লেও প্রভাৱিত কৰে। কেতিয়াবা কেতিয়াবা আপোনাৰ বা আপোনাৰ সংগীৰো এনে ৰোগৰ লক্ষণ দেখা নাপাব পাৰে কিন্তু STI নাই বুলি আমি নিশ্চয় কৈ ক'ব নোৱাৰো। আপোনাৰ STI থাকিলে কেৱল মাত্ৰ অনুভৱৰ দ্বাৰাই ইয়াৰ প্ৰভৱা সম্পৰ্কে ক'ব নোৱাৰে। যদি আপুনি কোন STI ৰ লক্ষণ যেনেঃ আপোনাৰ যৌনাংগত ঘা বা অস্বাভাৱিক স্রাব, তথা প্রস্রাৱ কৰাৰ সময়ত বিষ অনুভৱ কৰা তেন্তে আপুনি STIৰ পৰীক্ষা কৰোৱা উচিত।

আপোনাৰ STI আছে নে নাই জানিবলৈ নিয়মীয়া পৰীক্ষণ ব্যৱস্থাটো এটা বৰ ফলপ্ৰসূ উপায়।

STI যদিও সাধাৰণ এক ৰোগ, তথাপিও STI পৰীক্ষণৰ ফলাফল ধণাত্মক হোৱাটো কেতিয়াবা কেতিয়াবা দুখৰ বিষয় হৈ পৰিব পাৰে। সৰহ সংখ্যক STIকে নিয়মিত চিকিৎসা সেৱা গ্ৰহণৰ দ্বাৰা এক বা দুই সপ্তাহৰ ভিতৰতে নিৰাময় কৰিব পাৰি। অৱশ্যে HIV আদিৰ বাবে দীৰ্ঘকালীন চিকিৎসাৰ প্ৰয়োজন হয়, ইয়াৰ দ্বাৰা এই ৰোগৰ বীজাণুক একেবাৰে নিষ্ক্ৰিয় কৰি ৰাখি আপোনাৰ সংগীৰ দেহলৈ সোচৰাৰ ক্ষেত্ৰত বাধা দিয়া হয়। আপোনাৰ চিকিৎসকক আপোনাৰ এটা সম্পূৰ্ণ STI পৰীক্ষা প্ৰক্ৰিয়াৰ বাবে কেনেদৰে ক'ব সেইবিষয়ে ইয়াত সন্ধান কৰক।

পৰীক্ষণ কাৰ্য সম্পন্ন হোৱা আৰু আপোনাৰ চিকিৎসা সেৱা আৰম্ভ হোৱাৰ পিছত আপোনাৰ যিকোনো যৌন সংগীক এই বিষয়ে অৱগত কৰাবলৈ নাপাহৰিব। তেওঁক জনাওক যে আপুনি ইতিমধ্যেই চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু লগতে সুৰক্ষিত যৌন সম্পৰ্কে তেওঁৰ সৈতে আলোচনা কৰক।

STI পৰীক্ষণৰ সময়ত কি কি আশা কৰিব পাৰি সবিশেষ জানিবলৈ ইয়াত সন্ধান কৰক।

Recently viewed articles

Related articles